Nothing Special   »   [go: up one dir, main page]

সমললৈ যাওক

কৰ্কট নীহাৰিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
11:50, 3 May 2018-ত Gitartha.bordoloi (আলোচনা | বৰঙণি) সদস্য‌ই কৰা সংশোধন
(সালসলনি) ← আগৰ সংশোধন | শেহতীয়া সংশোধন (সালসলনি) | নতুন সংশোধন → (সালসলনি)

ট'ৰাছ (Taurus) তাৰকাৰাজ্যত থকা এক উজ্জ্বল নীহাৰিকা। পৃথিৱীৰ পৰা ই প্ৰায় ৫,০০০ পোহৰ-বৰ্ষ দূৰত অৱস্থিত। ই এটা চুপাৰন'ভাৰ অৱশেষ আৰু ইয়াৰ ব্যাস প্ৰায় ১২ পোহৰ-বৰ্ষ। ১০৫৪ চনত চীন আৰু আন দেশৰ জ্যোতিৰ্বিদসকলে প্ৰথমে ইয়াক প্ৰতক্ষ্য কৰে। দিনত প্ৰায় ২৩ দিন আৰু ৰাতি প্ৰায় দুবছৰলৈকে এই নীহাৰিকা দৃশ্যমান হৈ আছিল। ১৭৩১ চনমানত নীহাৰিকা বুলি প্ৰতিপন্ন হোৱাৰ পাছত ঊনবিংশ শতিকাৰ মাজভাগমানত ইয়াৰ আকৃতিৰ বাবে 'কৰ্কট নীহাৰিকা' নাম দিয়া হয়। ১৯২১ চনত আৱিষ্কাৰ কৰা হয় যে প্ৰায় ৭০০ মাইল/ছেকেণ্ড (১,১০০ কিলোমিটাৰ/ছেকেণ্ড) গতিত ইয়াৰ আকাৰ এতিয়াও বাঢ়ি আছে। জুখিব পৰা গোটেই ক্ষেত্ৰ প্ৰাবল্যত ইয়াৰ পৰা বিদ্যুৎ চুম্বকীয় বিকিৰণ ধৰা পৰিছে। ১৯৬০ৰ দশকৰ শেষৰফালে ইয়াৰ কেন্দ্ৰৰ ওচৰতে এটা পালছাৰ আৱিষ্কাৰ হয়।[1]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Hoiberg Dale H. (Editor) (2013). Britannica Reference Encyclopedia. Britannica Encyclopaedia Inc.. পৃষ্ঠা. 175. ISBN 978-1-6-61535-687-4.