Nothing Special   »   [go: up one dir, main page]

সমললৈ যাওক

চাণক্য

ৱিকিউদ্ধৃতিৰ পৰা
শিল্পীৰ কল্পনাত চাণক্যৰ ছবি

চাণক্য (খ্ৰীষ্টপূৰ্ব ৩৭০-২৮৩) প্ৰাচীন ভাৰতৰ এজন আদৰ্শ গুৰু (শিক্ষক), দাৰ্শনিক আৰু ৰাজ-উপদেষ্টা আছিল। তেওঁক কৌটিল্য অথবা বিষ্ণুগুপ্ত নামেৰেও অভিহিত কৰা হয়। তেওঁ প্ৰাচীন ভাৰতৰ ৰাষ্ট্ৰবিজ্ঞানৰ গুৰুত্বপূৰ্ণ গ্ৰন্থ অৰ্থশাস্ত্ৰ ৰচনা কৰিছিল। তেখেতক ভাৰতৰ ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতিৰ জনক, আৰু তেওঁৰ কৰ্মৰাজিক ধ্ৰুপদী অৰ্থনীতিৰ পথপ্ৰৱৰ্তক বুলি বিবেচনা কৰা হয়।

  • মানুহ কৰ্মৰ দ্বাৰাহে মহান হয়, জন্মৰ দ্বাৰা নহয়।[উৎসৰ প্ৰয়োজন]
  • শিক্ষাৰ অৰ্থ হ’ল দেশৰ বাবে ব্যক্তিক প্ৰশিক্ষণ দিয়া আৰু জাতিক ভাল পাবলৈ শিকোৱা৷[উৎসৰ প্ৰয়োজন]
  • न त्वरितस्य नक्षत्रपरीक्षा।
    • অনুবাদ: নিজৰ কাৰ্য সিদ্ধি কৰিব বিচৰাসকলে নক্ষত্ৰৰে ভাগ্য পৰীক্ষা নকৰে।[]
  • न दैवप्रमाणानां कार्यसिद्धिः।
    • অনুবাদ: ভাগ্যৰ ভৰষাত থকাসকলৰ কেতিয়াও কাৰ্যসিদ্ধি নহয়।[]
  • अधमा धनमिच्छन्ति धनं मानं च मध्यमाः।
    उत्तमा मानमिच्छन्ति मानो हि महतां धनम्॥
    • অনুবাদ: অধম লোকে ধন বিচাৰে, মধ্যম লোকে ধন আৰু মান দুয়োটা বিচাৰে, কিন্তু উত্তম লোকে কেৱল মান বিচাৰে। মানেই হৈছে মহৎ ধন।[]
  • पृथिव्यां त्रीणी रत्नानि जलमन्नं सुभाषितम्।
    मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते॥
    • অনুবাদ: পৃথিৱীৰ তিনিটা ৰত্ন হৈছে অন্ন, পানী আৰু ভাল বচন। মূৰ্খ‌সকলে শিলাখণ্ডকে ৰত্ন জ্ঞান কৰে।[]
  • क्षीयन्ते सर्वदानानि यज्ञहोमबलि क्रियाः।
    न क्षीयते पात्रादानम भयं सर्वदेहिनाम्॥
    • অনুবাদ:সকলো যজ্ঞ, দান, বলি আদি নষ্ট হৈ যায়, কিন্তু পাত্ৰক দিয়া দান আৰু অভয়দানৰ ফল কেতিয়াও নষ্ট হৈ নাযায়।[]
  • চৰিত্ৰবান লোকৰ পক্ষে পৃথিৱীত অসাধ্য একো নাই।[]
  • স্বদেশ আৰু স্বজাতিৰ সেৱাৰ বাবে লাভ কৰা অভিজ্ঞতা আৰু প্ৰশিক্ষণকে শিক্ষা বুলি কোৱা হয়৷[]
  • ৰজাৰ সন্মান ৰাজ্যতহে, কিন্তু এজন শিক্ষিত লোকৰ সন্মান সকলোতে৷[]
  • পানীৰ তলত চৰি ফুৰা মাছে পানী খালে যিদৰে ধৰিব নোৱাৰে, ঠিক তেনেদৰে ৰজাৰ কাৰ্যবাহী বিষয়াকো টকা আত্মসাৎ কৰিলে ধৰিব নোৱাৰি৷[]
  • অজ্ঞতা আৰু শৃংখলাৰ অভাৱেই মানুহৰ দুখ-কষ্টৰ কাৰণ।
  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ अश्विनी पाराशर। चाणक्य नीति, २०२०, नई दिल्ली। डायमंड पाॅकेट बुक्स (प्रा.) लि.। ISBN: 81-7182-625-3
  2. শ্ৰীদূৰ্গাশঙ্কৰ দেৱ শৰ্ম্মা (১৯৮৮)। উদ্ধৃতি। ওৰিয়েণ্টেল বুক কোম্পানী।
  3. ৩.০ ৩.১ (সম্পা)দ্বিজেন সিং (২০১৬)। জ্ঞানজ্যোতি। জ্ঞানজ্যোতি ২০১৬ সম্পাদনা সমিতি।
  4. মহৎ লোকৰ বাণী, অপূৰ্ব তালুকদাৰ, নিষ্ঠা প্ৰকাশন, ২০১৬,পৃ: নং; ৫৩
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: