দহিকতৰা
দহিকতৰা | |
---|---|
মতা দহিকতৰা | |
মাইকী দহিকতৰা | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Passeriformes |
পৰিয়াল: | Muscicapidae |
গণ: | Copsychus |
প্ৰজাতি: | C. saularis |
বৈজ্ঞানিক নাম | |
Copsychus saularis (Linnaeus, 1758) |
দহিকতৰা চৰাইৰ ইংৰাজী নাম Magpie Robin আৰু বৈজ্ঞানিক নাম: Copsychus saularis। এই চৰাইবিধ সাধাৰণতে নাতিশীতোষ্ণ দক্ষিণ এছিয়াৰ বাংলাদেশ, ভাৰত, পাকিস্তান, শ্ৰীলংকা, ইন্দোনেছিয়া, মালয়েছিয়া, চীনৰ দক্ষিণাঞ্চল আৰু ফিলিপাইনত দেখিবলৈ পোৱা যায়।[2] সচৰাচৰ গাঁও বা নগৰৰ জনবসতিৰ ওচৰে পাজৰেই ইহঁতক দেখা যায়৷ ই বাংলাদেশৰ ৰাষ্ট্ৰীয় চৰাই৷
বিৱৰণ
[সম্পাদনা কৰক]এই সৰু চৰাইবিধৰ দৈঘ্য ১৯ চেণ্টিমিটাৰ(৭.৫ ইঞ্চি)৷ চঞ্চলভাৱে গছৰ ডাল, মাটিত জপিয়াই আহাৰ বিচাৰি ঘূৰি ফুৰা দেখা যায়৷ পাখিৰ পিছফালৰ ফানখন প্ৰায়ে ওপৰফালে দাং খাই থাকে৷ মূৰ, বুকু, পিঠি আদি নিমজ কলা চানেকীয়া আৰু বুকুৰ তলভাগৰ পৰা তলটলৈকে বগা৷ নেজডালৰ মধ্য অংশ দীঘলীয়াকৈ ক’লা, কাষ বগা৷ ঠোঁট ক’লা আৰু ঠেঙৰ ওপৰভাগ তাম বৰণীয়া। মতা চৰাইটোৰ কলা অংশ উজ্বল , মাইকী চৰাইজনীৰ অলপ ধূসৰ৷ পোৱালি অৱস্থাত এই অংশটোৰ ৰং মুগা বৰণৰ হয়৷
প্ৰজনন আৰু বাসস্থান
[সম্পাদনা কৰক]দক্ষিণ এছিয়াত দহিকতৰাৰ প্ৰজননকাল মাৰ্চ মাহৰ পৰা জুলাই মাহলৈ; আৰু দক্ষিণ-পূৱ এছিয়াত জানুৱাৰীৰ পৰা জুলাইলৈকে। প্ৰজননৰ সময়ত মতা দহিকতৰাৰ শৰীৰৰ ৰং উজ্বল হয় । গছৰ ডালত বহি মাইকী দহিকতৰা চৰাইজনীক আকৃষ্ট কৰাৰ বাবে পাখি ফুলাই ঠোঁট ওপৰলৈ কৰি নানাধৰণৰ সুৰৰ মাত মাতে৷[3] কণী পৰাৰ এসপ্তাহমানৰ আগে আগে গছৰ ধোন্দ, গছৰ খোৰোং, শিলৰ ফাক, আদিত ঘাঁহ, বন, আঁহ আদিৰে বাঁহ সাজে। বাঁহটোৰ এক বিশেষধৰণৰ গোন্ধ আছে৷[4] ইহঁতে মানুহে সাজি দিয়া কৃত্ৰিম বাঁহতো কণী পাৰি পোৱালি উলিওৱা দেখা যায়৷[5][6] এবাৰত সাধাৰণতে ৪/৫ টা কণী পাৰে৷ কণীৰ ৰং ধূসৰ নীলা, তাৰ ওপৰত বাদামী ৰঙৰ সাঁচ থাকে৷ প্ৰায় ১৪ দিনত কণীৰপৰা পোৱালি ওলায়৷ পোৱালি ওলাবৰ সময়ত মতা দহিকতৰাটো অলপ আক্ৰমণাত্মক হৈ পৰে আৰু অন্য চৰাবোৰক আশেপাশে আহিব নোৱাৰাকৈ পহৰা দি থাকে৷[7]
খাদ্য
[সম্পাদনা কৰক]দহিকতৰাৰৰ প্ৰধান খাদ্য পোক-পৰুৱা আৰু অন্যান্য অমেৰুদণ্ডী জাতীয় প্ৰাণী আদি। ইহঁতে বতাহতে কীট-পতংগ ধৰিব পাৰে৷ এই চৰাইবিধে কেকোঁসাপো (gecko) ধৰি খায়৷[8][9] সন্ধিয়াৰ সময়ত ইহঁত বেচ সক্ৰিয় হৈ উঠে৷
মাত
- ↑ BirdLife International (2004). Copsychus saularis. 2006. IUCN Red List of Threatened Species. "IUCN" 2006. www.iucnredlist.org. Retrieved on 12 May 2006.
- ↑ Ali, S & S D Ripley (1997). Handbook of the birds of India and Pakistan. 8 (2 ed.). Oxford University Press. pp. 243–247. ISBN 0-19-562063-1
- ↑ Ali, S & S D Ripley (1997). Handbook of the birds of India and Pakistan. 8 (2 ed.). Oxford University Press. pp. 243–247. ISBN 0-19-562063-1
- ↑ Siddique, Yasir Hasan (2008). "Breeding Behavior of Copsychus saularis in Indian-Sub-Continent: A Personal Experience". International Journal of Zoological Research 4 (2): 135–137. DOI:10.3923/ijzr.2008.135.137
- ↑ Pillai,NG (1956). "Incubation period and 'mortality rate' in a brood of the Magpie-Robin [Copsychus saularis (Linn.)]". J. Bombay Nat. Hist. Soc. 54 (1): 182–183.
- ↑ Hume, AO (1890). The nests and eggs of Indian birds. 2 (2 ed.). R H Porter, London. pp. 80–85.
- ↑ Narayanan E. (1984). "Behavioural response of a male Magpie-Robin (Copsychus saularis Sclater) to its own song". J. Bombay Nat. Hist. Soc. 81 (1): 199–200.
- ↑ Sumithran,Stephen (1982). "Magpie-Robin feeding on geckos". J. Bombay Nat. Hist. Soc. 79 (3): 67
- ↑ Saxena, Rajiv (1998). "Geckos as food of Magpie Robin". J. Bombay Nat. Hist. Soc. 95 (2): 347.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত দহিকতৰা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Oriental Magpie Robin videos, photos & sounds on the Internet Bird Collection
- Banglapedia Article on Magpie-robin Archived 2009-06-02 at the Wayback Machine