Nothing Special   »   [go: up one dir, main page]

সমললৈ যাওক

ৱিকিতথ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
16:29, 11 August 2024-ত দিব্য দত্ত (আলোচনা | বৰঙণি) সদস্য‌ই কৰা সংশোধন
(সালসলনি) ← আগৰ সংশোধন | শেহতীয়া সংশোধন (সালসলনি) | নতুন সংশোধন → (সালসলনি)
ৱিকিতথ্য বা ৱিকিডে'টা
Wikidata logo
ৱিকিতথ্যৰ বেটুপাতৰ স্ক্ৰীনশ্বত
ৱিকিতথ্যৰ বেটুপাত
Type of site
ৱিকি
Available in বহুভাষিক
Owner ৱিকিমিডিয়া ফাউণ্ডেচন
Created by ৱিকিমিডিয়া সমাজ
URL www.wikidata.org
Commercial নহয়
Registration বাধ্যতামূলক নহয়

ৱিকিতথ্য ৱিকিমিডিয়া ফাউণ্ডেচনৰ অধীনৰ ৱিকি পদ্ধতিৰে সম্পাদিত এক জ্ঞান ভিত্তি। ইয়াৰ লক্ষ্য ৱিকিপিডিয়া আদি ৱিকিমিডিয়া ফাউণ্ডেচনৰ প্ৰকল্পই ব্যৱহাৰ কৰিবলৈ একে তথ্য উৎস প্ৰদান কৰা, য'ত জন্মদিন আদিৰ তথ্য থাকে।[2][3] ৱিকিতথ্যৰ কাম ৱিকিমিডিয়া কমন্সে সকলো ৱিকিমিডিয়া প্ৰকল্পৰ বাবে মিডিয়া ফাইল প্ৰদান কৰাৰ দৰেই। ৱিকিতথ্যক চলোৱা হয় ৱিকিবে'চ নামৰ এক চফ্টৱেৰৰ জৰিয়তে।

This diagram shows the most important terms used in Wikidata
Three statements from Wikidata's item on the planet Mars. Values include links to other items and to Wikimedia Commons.

ৱিকিতথ্য এক নথি দিকদৰ্শিত তথ্য ভিত্তি, যি বস্তু কেন্দ্ৰিক। প্ৰতিটো বস্তুৱে এক বিষয়ক প্ৰতিনিধিত্ব কৰে (যেনে ৱিকিপিডিয়া চলাবলৈ এক প্ৰশাসনিক পৃষ্ঠা) আৰু এক অনন্য সংখ্যাৰে পৰিচিত, Q অনুসৰ্গৰ সৈতে-- উদাহৰণ স্বৰূপে "Politics" (ৰাজনীতি) বিষয়ৰ বস্তুটো হ'ল Q7163। ই কোনো বস্তুৱে কি বিষয় বুজাইছে তাক জানিবলৈ কোনো এক ভাষাৰ পক্ষ নোলোৱাকৈ অনুবাদ কৰাত সহায় কৰে।

বিবৃতি সৃষ্টি কৰি জ্ঞান যোগান ধৰা হয়। বিবৃতিবোৰ key-value বা চাবি-মূল্যৰ ৰূপত থাকে। অৰ্থাৎ প্ৰতিটো বিবৃতিৰ এক বিশেষত্ব (চাবি) আৰু চাবিৰ সৈতে সংযুক্ত এক মূল্য থাকে।

প্ৰকল্পটো এলেন ইন্সটিটিউট অৱ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, গৰ্ডন এণ্ড বিটি মুৰে ফাউণ্ডেচন আৰু গুগলৰ ১৩ লাখ ইউৰোৰ সঁহাৰিৰে আৰম্ভ কৰা হৈছিল।[4][5]

প্ৰকল্পটো প্ৰাৰম্ভিক স্তৰত ৱিকিমিডিয়া ডেউৎস্লেণ্ডে চোৱা-চিতা কৰিছিল। কাম তিনিভাগত বিভক্ত হৈছিল--

  • ইণ্টাৰ্ৱিকি লিংক্স-- বা ৱিকিপিডিয়াৰ বিভিন্ন ভাষাৰ প্ৰবন্ধৰ সংযোগ কেন্দ্ৰীভূত কৰা
  • সকলো ৱিকিপিডিয়াৰ জ্ঞানবাকচ বা ইন্ফ'বক্সৰ তথ্য কেন্দ্ৰীভূত কৰা
  • তথ্যৰ ওপৰত আধাৰিত তালিকা ৱিকিতথ্যত সৃষ্টি আৰু উন্নীত কৰা

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Wikidata.org Site Info". Alexa Internet. Archived from the original on 3 September 2017. https://web.archive.org/web/20170903072643/https://www.alexa.com/siteinfo/wikidata.org। আহৰণ কৰা হৈছে: 8 October 2014. 
  2. Wikidata (Archived 29 October 2012 at the Wayback Machine)
  3. http://www.wikimedia.de/wiki/Pressemitteilungen/PM_3_12_Wikidata_ENData[সংযোগবিহীন উৎস] Revolution for Wikipedia date=March 30, 2012 ,Wikimedia Deutschland ,September 11, 2012 archiveurl= archivedate=September 11, 2012
  4. Dickinson, Boonsri (March 30, 2012). "Paul Allen Invests In A Massive Project To Make Wikipedia Better". Business Insider. Archived from the original on December 13, 2012. https://web.archive.org/web/20121213143424/http://articles.businessinsider.com/2012-03-30/tech/31259697_1_wikimedia-foundation-wikipedia-project। আহৰণ কৰা হৈছে: September 11, 2012. 
  5. Perez, Sarah (March 30, 2012). "Wikipedia’s Next Big Thing: Wikidata, A Machine-Readable, User-Editable Database Funded By Google, Paul Allen And Others". TechCrunch. Archived from the original on October 5, 2012. https://web.archive.org/web/20121005062200/http://techcrunch.com/2012/03/30/wikipedias-next-big-thing-wikidata-a-machine-readable-user-editable-database-funded-by-google-paul-allen-and-others/। আহৰণ কৰা হৈছে: September 11, 2012. 

আৰু চাওক

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]